94
নতুন দিল্লীঃ আজি দুপৰীয়া দিল্লীৰ সচিবালয়ৰ ভিতৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চকুত এজন লোকে জলকীয়াৰ গুড়ি মাৰি আক্ৰমণ কৰে৷
ঘটনাতো ঘটাৰ লগে লগে আৰক্ষীয়ে আক্ৰমণকাৰী অনিল কুমাৰ শৰ্মাক গ্ৰেপ্তাৰ কৰে৷ ঘটনাটো ঘটাৰ সময়ত কেজৰিৱালে দুপৰীয়াৰ আহাৰৰ কাৰণে যাবলৈ নিজৰ কাৰ্যালয়ৰপৰা ওলাইছিল৷ সেই সময়তে আক্ৰমনকাৰীজনে কেজৰিৱালক এখন চিঠি দিবলৈ তেওঁৰ কাষ চাপি কেজৰিৱালৰ হাতত চিঠি এখন দি তেওঁৰ চকুত জলকীয়াৰ গুড়ি দলিয়াই দিয়ে৷