ৰঙিয়াঃ কেন্দ্ৰীয় ৰেল মন্ত্ৰণালয়ে ৰেল যাত্ৰীৰ সুৰক্ষাৰ বাবে ন’ ন’ পৰিকল্পনা হাতত ললেও উত্তৰ পূৱ সীমান্ত ৰেলৱেই এই পৰিকল্পনা সমূহ বাস্তৱত ৰূপায়িত কৰিব পৰা নাই৷ উত্তৰ পূৱ সীমান্ত ৰেলৱেই যাত্ৰীক সুৰক্ষা প্ৰদান কৰিব পৰা নাই এই কথা বাৰে বাৰে প্ৰমাণ হৈ আহিছে৷
উত্তৰ পূৱ সীমান্ত ৰেলৰ অধীনৰ বিভিন্ন প্ৰান্তত ৰেলৰ ভিতৰত, ৰেল ষ্টেছনত যাত্ৰীয়ে নিৰাপত্তাহীনতাত ভোগা দেখা যায়৷ আন হে নালাগে ৰেল ষ্টেছনৰ ভিতৰৰ পৰা যাত্ৰীক লুটি নিয়াৰ পিছতো দুৰ্বৃত্তক ধৰিবলৈ সক্ষম নহ’ল নিৰাপত্তাৰক্ষীয়ে৷