71
বালিপৰাঃ ৰাইজে শাৰী পাতি ভোট দি জনপ্ৰতিনিধিক ৰাজধানীলৈ পঠিয়ায়। কিন্তু ৰাজধানী পায়েই হেনো জননেতাৰ চিন্তা হয়গৈ অভিকেন্দ্ৰীক। সহজ ভাষাত ৰাইজকে পাহৰে ৰাইজৰ প্ৰতিনিধিয়ে। এনেকুৱাই ক্ষোভ বুকুত লৈ নৈত নামি পৰিল এজাক মানুহ। নিজে সাজি উলিয়ালে বাহ-কাঠৰ দলং।
শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত মোলানগাওঁ-ৰঙাপৰা সংযোগী একমাত্ৰ দলংখন ১৮ জুনত জৰাসৰ নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ ফলত গাওঁবাসী ৰাইজ বিচ্ছিন্ন হৈ ৰ’বলগা হৈছিল।