গোলাঘাটঃ প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীন)ৰ অধীনত গোলাঘাট জিলাৰ প্ৰথমটো ঘৰ বৃহস্পতিবাৰে গমাৰিগুৰি উন্নয়ন খণ্ডৰ চিচুপানী গাওঁ পঞ্চায়তৰ ৰতনপুৰ গাওঁত জিলা উপায়ুক্ত গৌৰৱ বোথ্ৰাই উদ্বোধন কৰে৷
হিতাধিকাৰী সঞ্জিতা বসুমাতাৰীয়ে ইতিমধ্যে এই আচঁনিৰ অধীনত চৰকাৰৰ পৰা ১ লাখ ৩০ হাজাৰ টকা লাভ কৰিছে আৰু মহাত্মা গান্ধী গ্ৰাম্য নিয়োগ নিশ্চিত আইনৰ অধীনত ৯৫ দিনৰ অদক্ষ শ্ৰমিক হিচাপে প্ৰতি দিনে ১৮৩ টকাকৈ মুঠ ১৭,৩৮৫ টকা লাভ কৰিব৷ ইয়াৰ উপৰিও হিতাধিকাৰীগৰাকীয়ে স্বচ্ছ ভাৰত অভিযানৰ অধীনত ব্যক্তিগত শৌচালয় নিৰ্মানৰ বাবে ১২,০০০ টকা লাভ কৰিব৷