কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ পৰা ১০ কিলোমিটাৰ উত্তৰে অৱস্থিত বালাজান তিনালীত আজি স্নায়বিক ৰোগত অাক্ৰান্ত হৈ বৃদ্ধ এগৰাকীয়ে তেওঁৰ বৃদ্ধা পত্নীক কুৱাত পেলাই দি নিজেও কুঁৱাত জপিয়াই পৰাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ স্নায়বিক ৰোগত অাক্ৰান্ত হৈ এনে পথ বাছি লোৱা বৃদ্ধজন হৈছে বালাজান তিনাালীৰ সৰ্বেশ্বৰ নাথ (৬৮)।
প্ৰাপ্ত বাতৰি অনুসৰি বালাজান তিনাালীৰ সৰ্বেশ্বৰ নাথে বিগত সময়ছোৱাত বালাজান তিনাালী বজাৰতে দৰ্জীৰ কাম কৰি পৰিয়াল পোহপাল দি অাহিছিল। বয়স বাঢ়ি অহা সত্বেও পৰিয়াল পোহপাল দিয়াৰ স্বাৰ্থত সৰ্বেশ্বৰ নাথে চিলাইৰ কাম অব্যাহত ৰাখিছিল যদিও কিছুদিন পূৰ্বে তেওঁ স্নায়ুৰ ৰোগত অাক্ৰান্ত হয় ।