গুৱাহাটীঃ দেশৰ ১৪ টা ভাষাত বাতৰি পৰিৱেশন কৰা বাতৰি প্ৰতিষ্ঠানৰ প‘ৰ্টেল তথা এপ্লিকেচন এটাই ইয়াৰ বাঙালী ভাষাৰ নিউজ ছাইটটোৰ ‘পেজ‘ত ‘অসমে বাঙালি গণহত্যা’ (অসমত বাঙালীৰ গণহত্যা) শীৰ্ষক বাতৰিকে শিতান (category) কৰা কাৰ্যই সকলোকে আচৰিত কৰিছে৷
সংবাদ পৰিৱেশন কৰা ছাইটসমূহত সাধাৰণতে ‘শাৰ্ষ সংবাদ’, ‘দেশ’, ‘বিশ্ব’, ‘ক্ৰীড়া’, বিনোদন’ ইত্যাদি শিতান থাকে৷ কিন্তু এই ছাইটৰ বাঙালী ভাষাৰ লিংকটোত যোৱা ১ নৱেম্বৰত ধলাত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডৰ বাতৰিটোকেই বাতৰিৰ শিতান হিচাপে দি আচলতে কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে সেয়া স্পষ্ট হোৱা নাই৷