নতুন দিল্লীঃ মুখ্য ন্যায়াধীশ বঞ্জন গগৈয়ে উচ্চতম ন্যায়ালয়ত গঠন কৰিলে গৱেষণা আৰু পৰিকল্পনাৰ এটা শাখা। এক প্ৰেছ বিজ্ঞপ্তিত মুখ্য ন্যায়াধীশ গগৈয়ে কয় যে ’গৱেষণা আৰু পৰিকল্পনা কেন্দ্ৰ’ নামৰ এই শাখাটোৰ জৰিয়তে ‘ন্যায়ব্যৱস্থাত প্ৰয়োজনীয় তথা দ্ৰুতগতিত বৃদ্ধি পোৱা জ্ঞানৰ প্ৰয়োজনীয়তা পূৰণ কৰা হ’ব।
ন্যায়ব্যৱস্থাতো দৰকাৰী শক্তিশালী জ্ঞান আৰু বিদ্বৎ আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি গঠন কৰা এই কেন্দ্ৰ ১৫ বছৰ পূৰ্বে স্থাপিত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক আইন একাডেমীসমূহৰ দৰে হ’ব।