ডিজিটেল ডেস্কঃ জিএছটিৰ ফলতে দাম কমিছে বহু বিলাসী বাহনৰ। 
জিএছটিৰ ফলত মাৰুটি চুজুকিয়ে প্ৰতিষ্ঠানটোৰ সকলো বাহনৰ মুল্য ৩% হ্ৰাস কৰিছে৷ এল্টোৰ মুল্য ২,৩০০ৰ পৰা ৫,৪০০ পৰ্যন্ত হ্ৰাস কৰিছে প্ৰতিষ্ঠানটোৱে৷ ৱাগনআৰৰ মুল্য ৫৩০০ৰ পৰা ৮,৩০০ আৰু চুইফটৰ মুল্য ৬,৭০০ৰ পৰা ১০,৭০০ পৰ্যন্ত হ্ৰাস কৰা হৈছে৷


আনহাতে হোণ্ডাই সৰ্বাধিক ১ লাখলৈ হ্ৰাস কৰিছে বাহনসমুহৰ মুল্য। হোণ্ডাৰ ব্ৰাইওৰ মুল্য ১২,২৭৯ টকালৈ আৰু এমেজৰ মুল্য ১৪ হাজাৰ টকা পৰ্যন্ত হ্ৰাস কৰা হৈছে৷ হোণ্ডাৰ জনপ্ৰিয় চিডান চিটিৰ মুল্য নুন্যতম ১৬ হাজাৰ পৰা সৰ্বাধিক ২৮হাজাৰ পৰ্যন্ত হ্ৰাস কৰা হৈছে৷ 


ফ’ৰ্ডৰ ফিগোৰ দাম ২০০০ টকা পৰ্যন্ত হ্ৰাস কৰিছে প্ৰতিষ্ঠানটোৱে৷


জাৰ্মানীৰ জনপ্ৰিয় প্ৰতিষ্ঠান বিএমডব্লিউৱে ৭ হাজাৰ টকাৰ পৰা ১ লাখ পৰ্যন্ত হ্ৰাস কৰিছে গাড়ীৰ মুল্য৷ 


মাৰ্চিডিছে ৭ লাখ টকা পৰ্যন্ত হ্ৰাস কৰিছে মুল্য৷


এই ক্ষেত্ৰত পিছ পৰি থকা নাই দুচকীয়া বাহন নিৰ্মান কৰা প্ৰতিষ্ঠান হিৰো মটৰ ক’প৷ হিৰোই ১৮০০ টকা পৰ্যন্ত হ্ৰাস কৰিছে বাহনসমুহৰ দাম৷


আনহাতে হোণ্ডা মটৰচাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াইও বাহনসমুহৰ দাম ৫,৫০০ টকা পৰ্যন্ত হ্ৰাস কৰিছে।