ডিজেটেল ডেস্কঃ এতিয়া ডাকোৱালে কেৱল চিঠিয়ে নহয়, বেংকিঙৰো সেৱা আগবঢ়াব। আপুনি ঘৰতে বহি টকা জমা বা উইড্ৰ কৰিব পাৰিব। ইয়াৰ বাবে আপুনি ১৫-৩৫ টকা আদায় দিলেই হ’ল। তদুপৰি আন বেংকবিলাকৰ দৰে ইয়াত ন্যুনতম বেলেঞ্চ জমা নাৰাখিলেও কোনোধৰণৰ শুল্ক আদায় দিবলগা নহয়।
সঞ্চয়ী খাতাত আপুনি পাব ৫.৫ শতাংশ সুত। ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক নামেৰে সমগ্ৰ দেশতে বেংক স্থাপন কৰা হ’ব বুলি জনা গৈছে। আৰম্ভণিতে পৰীক্ষামূলকভাৱে এই বেংক সেৱা এতিয়া পৰিসৰ বহল কৰাৰ কথা চিন্তা কৰিছে কেন্দ্ৰীয় চৰকাৰে।