চামগুৰিঃ বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি পুৰণিগুদাম প্ৰেছ ক্লাৱে আয়োজন কৰিছে সদৌ অসম ভিত্তিত ডাক যোগে ছবি অঁকা প্ৰতিযোগিতা। তিনিটা শাখাত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ শাখাসমূহ হ’ল ক শাখা-শিশু শ্ৰেণীৰ পৰা চৰ্তুথ শ্ৰেণীলৈ, খ শাখা পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ আৰু গ শাখা নৱম শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়লৈ। প্ৰতিটো শাখাৰ বিষয়সমূহ হ’ল ক শাখা- ‘বৃক্ষৰোপণ’, খ শাখা- ‘গছ-গছনি থাকিলেহে আমি থাকিম’ আৰু গ শাখাৰ বিষয় হ’ল ‘বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছ ভাৰত অভিযান’।
প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব বিচৰা প্ৰতিযোগীসকলে নিজৰ ছবিসমূহ ২০ টকা ভৰ্ত্তি মাচুলসহ এটা পেকেটৰ ভিতৰত ভৰাই ১ জুনৰ ভিতৰত কলংপাৰ, নিউ মিশ্যন মাৰ্কেট ড. হিউজ ৰোড, পো.অ.-নগাঁও পিন-৭৮২০০১ আৰু জ্ঞানজ্যোতি বুক ষ্টল, গড়মূৰ, পো.অ.-পুৰণিগুদাম, পিন-৭৮২১৪১, নগাওঁ ঠিকনাত পোৱাকৈ প্ৰেৰণ কৰিব লাগিব লগতে ৯৯৫৪০-৬৮১৭৯, ৯৪৩৫১-৬০৫১৫, ৯৪০১৭-৬৯০০৩, ৯৪৩৫৪-৯৩৯৭২ আৰু ৭০৮৬২-৩৬৫৪০ নম্বৰত যোগাযোগ কৰিব পাৰিব।