কলিয়াবৰঃ গঁড় হত্যাৰ সৈতে জড়িত দুজন যুৱকক জেৰা কৰিবলৈ হঠাৎ কলিয়াবৰত উপস্থিত হয়৷ মঙলবাৰে গঁড় হত্যাৰ সৈতে জড়িত তথা চোৰাং চিকাৰীক বন বিভাগ তথা আৰক্ষীৰ লোকৰ অৱস্থানৰ তথ্য যোগান ধৰা দুজন যুৱকক নগাঁও আৰক্ষীয়ে আটৰ কৰে৷
আৰক্ষীৰ জেৰাত দুয়ো যুৱকে বহু বিস্ফোৰক স্বীকাৰোক্তি দিয়ে৷ বনৰীয়া জীৱ-জন্তুৰ হত্যা ৰোধ কৰাত বিফল মন্ত্ৰীগৰাকীয়ে এই খবৰ লাভ কৰাৰ পিছতে নগাঁও অভিমুখে ৰাওনা হয়৷ সন্ধিয়া কলিয়াবৰ থানাত উপস্থিত হৈ কলিয়াবৰৰ জখলাবন্ধাৰ দাৰিগজিৰ নিতুল হাজৰিকা আৰু বৰহোলাৰ ছহিদ আলিক থানা খনৰ এটি কোঠাত দোৱাৰ বন্ধ কৰি সোধ-পোছ কৰে মন্ত্ৰীগৰাকীয়ে৷ বহু সময় কথা পাতি মন্ত্ৰীগৰাকীয়ে গঁড় হত্যা সন্দৰ্ভত বিভিন্ন তথ্য জানিবৰ চেষ্টা কৰা বুলি জানিব পৰা গৈছে৷