নগাঁওঃ ৰাজ্যৰ সৰ্বত্ৰে এতিয়া বিয়পি পৰিছে ঋতুৰাণীৰ মন-প্ৰাণ পুলকিত কৰা সুবাস ৷দীৰ্ঘদিনৰ প্ৰতীক্ষাৰ অন্ত পেলাই শক্তিৰ আৰাধ্যা দেৱী দূৰ্গাৰ ইতিমধ্যে আগমন ঘটিছে ধৰিত্ৰীলৈ৷ এইদৰে ধৰিত্ৰীলৈ যাত্ৰা কৰাৰ সপ্তম দিনটোৰ পৰাই আৰম্ভ হয় দুৰ্গোৎসৱৰ ষষ্ঠী পূজা আৰু সেই দিনাৰে পৰা অবিৰতভাৱে দেৱীৰ পূজা-অৰ্চনা কৰাৰ অন্তত দশমীৰ দিনা বিদায় দিব পৃথিৱীবাসীয়ে৷
গতিকে সকলোৰে অতি আদৰৰ ৰং-ৰহইচৰ এই শাৰদীয় দূৰ্গা পূজালৈ মাজতে আৰু মাত্ৰ দুটা দিনহে থকা অৱস্থাত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে নগাঁও জিলাতো সম্প্ৰতি সৃষ্টি হৈছে পূজাকেন্দ্ৰীক ব্যস্ততামুখৰ পৰিবেশ৷ সৰ্বত্ৰে প্ৰস্তুতি চলিছে শাৰদীয় ৰাণী দেৱী দূৰ্গাৰ পূজা-অৰ্চনাৰ আয়োজনৰ৷