newsnextone.com | ডিজিটেল ডেস্কঃ জনতাৰ চৰকাৰ মোডী চৰকাৰ৷ এই শ্ল’গান এতিয়া অসাৰ৷ জনতাৰ হকে কাম কৰিব বুলি মোডীয়ে শাসনাধিষ্ঠিত হোৱাৰ সময়ত দিয়া প্ৰতিশ্ৰুতি বৰ্তমান কেৱল নামত হে ৰৈ গৈছে বুলি দেশবাসীয়েই ক’ব বিচাৰে৷
পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধিয়ে চৰম সীমা অতিক্ৰম পোৱাৰ পিছত ভাৰতীয় তৈল নিগম লিমিটেডে ঘোষণা কৰিছিল যে বুধবাৰে পেট্ৰলত ৬৩ পইচা আৰু ডিজেলত ৫৯ পইচা হ্ৰাস কৰা হৈছে৷ খবৰটো শুনি মূল্যবৃদ্ধিয়ে হাৰাশাস্তি কৰা সাধৰণ জনতাই এবাৰ অলপ হ’লেও স্বস্তিৰ নিশ্বাস এৰিছিল৷