ত্ৰিনিদাদ এণ্ড ট’বেগোঃ বিবাহৰ পিছত স্বামী নিক জ’নাছৰ সৈতে কিদৰে সময় পাৰ কৰিছে মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই? ১ ডিচেম্বৰত আনুষ্ঠানিকভাৱে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছতে স্বামী নিকৰ সৈতে লণ্ডনলৈ উৰা মাৰে দেশীগাৰ্ল খ্যাত এতিয়াৰ বিদেশৰ বোৱাৰী প্ৰিয়ংকা।
লণ্ডনত দুয়ো উদযাপন কৰে বৰদিন। লণ্ডনত বৰদিনৰ আনন্দ উপভোগ কৰি নতুন বছৰত প্ৰিয়ংকা-নিকে ভৰি থয় ছুইজাৰলেণ্ডত। ছুইজাৰলেণ্ডত ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীৰ সুমধুৰ ক্ষণ কটাই নৱ দম্পতীটো উপস্থিত হয় কেৰিবিয়ান দ্বীপপুঞ্জত।