নতুন দিল্লীঃ এতিয়াও মন্দাৱস্থাৰ সন্মুখীন হৈয়ে আছে দেশৰ অৰ্থনীতি। ক্ৰমাগতভাৱে দ্বিতীয়খন বৈঠকত ‘ৰেপো ৰেট’ সলনি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি বৃহস্পতিবাৰে এই কথা সদৰী কৰিছে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই। চলিত বিত্তীয় বৰ্ষৰ অন্তিমখন মুদ্ৰা নীতিৰ বৈঠকত কেন্দ্ৰীয় বেংকটোৱে পূৰ্বৰ ৫.১৫ শতাংশ হিচাপতে অপৰিৱৰ্তিত ৰাখে ৰেপো ৰেট।
ৰিজাৰ্ভ বেংকে মুদ্ৰা নীতিৰ বৈঠকৰ সিদ্ধান্তসমূহ ঘোষণা কৰি কৈছে যে যেতিয়ালৈকে সম্ভৱ হৈ থাকে তেতিয়ালৈকে উদাৰীকৰণৰ পথেৰে অগ্ৰসৰ হোৱাৰ ওপৰতে গুৰুত্ব আৰোপ কৰা হৈছে। একেদৰে জিডিপি বৃদ্ধিৰ হাৰো ২০১৯-২০ বিত্তীয় বৰ্ষৰ অন্তত ৫ শতাংশ হৈ থাকিব বুলিও অনুমান ব্যক্ত কৰিছে বেংকটোৱে। অৱশ্যে ২০২০-২১ বিত্তীয় বৰ্ষত সামান্য উন্নতিৰে সেয়া ৬ শতাংশ হোৱাৰো আশা প্ৰকাশ কৰা হৈছে।