Home অন্যান্য খবৰআঞ্চলিকতাবাদী শিবিৰ ঐক্যবদ্ধ নহয় কিয়?

আঞ্চলিকতাবাদী শিবিৰ ঐক্যবদ্ধ নহয় কিয়?

by News Desk
A+A-
Reset
thenortheasttoday_import_2020_09_Officebearers-at-the-formation-of-the-new-regional-party-in-Guwahati-on-Monday

 

কনৌজ শইকীয়াঃ 
অসমত আঞ্চলিকতাবাদী চিন্তা-চৰ্চাই দীৰ্ঘদিনৰে পৰা ৰাইজৰ মাজত প্ৰসাৰতা লাভ কৰি আহিছে৷ ইয়াৰ মূলতেই হৈছে অসমৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় দলসমূহৰ অনীহা৷ ৰাষ্ট্ৰীয় দলসমূহৰ চিন্তা-চৰ্চা সদায় ৰাষ্ট্ৰীয় ভিত্তিক৷ ইয়াৰ বিপৰীতে আঞ্চলিকতাবাদে এখন ৰাজ্য বা একোটা অঞ্চলৰ সমস্যাসমূহক প্ৰতিনিধিত্ব কৰে৷ আঞ্চলিক সমস্যাসমূহলৈ পিঠি দি আঞ্চলিকতাবাদী দল বৰ্তি থকাটো কেতিয়াও সম্ভৱ নহয়৷ অসমত পূৰ্বাঞ্চলীয় লোকপৰিষদ, অসম গণ পৰিষদকে ধৰি বহুকেইটা আঞ্চলিক দল গঠিত হৈছিল৷ ইয়াৰ ভিতৰত অসম গণ পৰিষদে এসময়ত অসমবাসী ৰাইজৰ আস্থা অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷ ঐতিহাসিক অসম আন্দোলনৰ পৰিসমাপ্তিৰ পিছত অসম গণ পৰিষদ দলৰ জন্ম হৈছিল৷ দলটোৱে ইতিমধ্যে ১৯৮৫ আৰু ১৯৯৬ বৰ্ষত দুবাৰকৈ ৰাজ্যখনৰ শাসনৰ গাদীত বহিবলৈ সক্ষম হৈছিল৷ কিন্তু অসমবাসী ৰাইজৰ আশা-আকাংক্ষা পূৰণৰ ক্ষেত্ৰত দলটো শোচনীয়ভাৱে ব্যৰ্থ হৈছিল৷ অসমৰ পৰা বিদেশী বহিস্কাৰৰ দাবীতেই অসম গণ পৰিষদৰ জন্ম, যদিও অসমক বিদেশীমুক্ত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰসমূহে বিশেষ সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত নহ’ল৷ অসমৰ অবৈধ বিদেশী নাগৰিকৰ সমস্যাটো হৈছে এটা ৰাষ্ট্ৰীয় সমস্যা, কিন্তু কোনো এখন কেন্দ্ৰীয় চৰকাৰেই সমস্যাটো সমাধানৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান নকৰিলে৷ অসম গণ পৰিষদ দলো লাহে লাহে মূল দাবীৰ পৰা আঁতৰি অহা পৰিলক্ষিত হ’ল; যাৰ বাবে দলটোৱে অসমৰ ৰাইজৰ আস্থা হেৰুৱাবলৈ আৰম্ভ কৰিলে৷ দুবাৰকৈ ৰাজ্যখনৰ শাসনত থকা আৰু দুবাৰকৈ বিৰোধীৰ আসনত বহা দলটোৱে বি-জে-পিৰে মিত্ৰতা কৰি বৰ্তমান ১৪ খন আসনেৰে কোনোমতে বৰ্তি আছে৷ শেহ¸তীয়াকৈ কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে অগপৰ একমাত্ৰ ৰাজ্যসভাৰ সাংসদজনে ভোট দান কৰাৰ পৰিণতিত অসম গণ পৰিষদৰ প্ৰতি ৰাইজৰ আস্থা ব্যাপকভাৱে হ্ৰাস পালে৷ কিয়নো নাগৰিকত্ব সংশোধনী আইন অসম চুক্তিৰ সম্পূৰ্ণ পৰিপন্থী৷ অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসমত প্ৰৱেশ কৰা সকল বিদেশী হিচাপে বিবেচিত হয়, কিন্তু নাগৰিকত্ব সংশোধনী আইন- ২০১৯ অনুসৰি ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ২০১৪ বৰ্ষৰ ৩১ ডিচেম্বৰৰ ভিতৰত ভাৰতত প্ৰৱেশ কৰা সকলক নাগৰিকত্ব প্ৰদানৰ দিহা কৰা হৈছে৷ গতিকে অসম চুক্তিক সমৰ্থন কৰা কোনো দলেই নাগৰিকত্ব সংশোধনী আইনক সমৰ্থন জনাব নোৱাৰে৷ অসম গণ পৰিষদৰ নেতৃত্বই এফালে অসম চুক্তিক আখৰে আখৰে পালন কৰাৰ কথা কয়, অন্যহাতে নাগৰিকত্ব আইনৰ সপক্ষে ভোট দান কৰে৷ অসম গণ পৰিষদৰ এনে দুমুখীয়া নীতিয়ে অসমবাসী ৰাইজৰ লগতে তৃণমূল পৰ্যায়ৰ কৰ্মীকো বিভ্ৰান্ত কৰিছে৷
নাগৰিকত্ব সংশোধনী আইনখন সদনৰ মজিয়াত গৃহীত হোৱাৰ পিছতে অসমত আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰে৷ আইনখন প্ৰত্যাহাৰৰ দাবীত ৰাইজ ৰাজপথলৈ ওলাই আহে৷ উক্ত আন্দোলনত পাঁচগৰাকীকৈ যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হয়৷ কেইবাদিনো ধৰি প্ৰশাসন সম্পূৰ্ণৰূপে অচল হৈ পৰে৷ চৰকাৰে বৰ্তমানৰ অন্যতম যোগাযোগৰ মাধ্যমৰ নেটৱৰ্ক সম্পূৰ্ণৰূপে বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ সৃি¸ষ্ট হয়৷ সেই আন্দোলনতো এফালে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ৩০ টা সংগঠনে সহযোগ আগবঢ়োৱাৰ বিপৰীতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ৭০ টা সংগঠনে সহযোগিতা কৰে৷ আনহাতে নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনে উচ্ছতম ন্যায়ালয়ত গোচৰ ৰজু কৰে৷ বৰ্তমানেও উচ্ছতম ন্যায়ালয়ত উক্ত গোচৰ চলি আছে৷ উক্ত সময়ছোৱাতে ‘আঞ্চলিক গণ মঞ্চ, অসম’ নামৰ এক আঞ্চলিকতাবাদী দলৰ জন্ম হয়, যিটোৰ নেতৃত্বত আছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা৷ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত এক নতুন আঞ্চলিক দলৰ গঠন প্ৰক্ৰিয়া চলি আছে৷ ইতিমধ্যে আছু আৰু জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে এখন পৰামৰ্শদাতা সমিতি গঠন কৰিছিল৷ উক্ত সমিতিৰ পৰামৰ্শদানৰ ভিত্তিত দল গঠনৰ প্ৰক্ৰিয়া আগবাঢ়িছে৷ ইতিমধ্যে দলটোৰ নাম ‘অসম জাতীয় পৰিষদ’ ঘোষণা কৰা হৈছে, যদিও দলটো গঠনৰ কাম সম্পূৰ্ণ হোৱা নাই৷ অসম জাতীয় পৰিষদৰ সমন্বয়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে প্ৰাক্তন অগপ মন্ত্ৰী জগদীশ ভূঞাক৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ বৰ্তমানেও কাৰাগাৰত বন্দী হৈ আছে৷ নেতাগৰাকীয়ে সকলো আঞ্চলিকতাবাদী একেখন পতাকাৰ তলত সমবেত হ’বলৈ আহ্বান জনাইছে, যদিও বৰ্তমানলৈকে তেনে প্ৰক্ৰিয়া আগবঢ়া পৰিলক্ষিত হোৱা নাই৷ কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও নতুন দল গঠনৰ কথা ইতিমধ্যে ঘোষণা কৰিছে৷ আনহাতে বিভিন্ন সময়ত গঠন হোৱা বি-পি-এফকে ধৰি বহুকেইটা আঞ্চলিক দল অসমত আছে৷
অসমৰ আঞ্চলিকতাবাদী শিবিৰ আজি বহুধাবিভক্ত৷ ২০১৬ চনৰ নিৰ্বাচনত বিজেপি-অগপৰ মিত্ৰজোঁটে অসমৰ জাতি-মাটি-ভেঁটি সুৰক্ষাৰ কথা কৈছিল৷ উক্ত নিৰ্বাচনৰ পূৰ্বে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমলৈ আহি ঘোষণা কৰিছিল যে অসম বিধান সভাৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছতেই সকলো অবৈধ বিদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব৷ কিন্তু নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত সকলো বিষয় তল পৰিল৷ উক্ত নিৰ্বাচনত অসমৰ আঞ্চলিকতাবাদী শিবিৰৰ ভোট বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ সপক্ষে গৈছিল৷ কিন্তু নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পিছৰে পৰা ৰাইজে বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰতি আস্থা হেৰুৱাইছে৷ ৰাজ্য চৰকাৰে বিভিন্ন আঁচনিৰে ৰাইজক নিজৰ সপক্ষে অনাৰ প্ৰচেষ্টাও অব্যাহত ৰাখিছে৷ এনে অৱস্থাত কেৱল নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনকে মূল বিষয় হিচাপে লৈ আঞ্চলিকতাবাদী দলসমূহ আগবাঢ়িলেই নহ’ব৷ আঞ্চলিকতাবাদী দলসমূহ ঐক্যবদ্ধ হ’ব লাগিব৷ বহুধাবিভক্ত আঞ্চলিকতাবাদী শিবিৰে শেষ মুহূৰ্তত ৰাষ্ট্ৰীয় দলসমূহকে উপকৃত কৰাৰ সম্ভাৱনা প্ৰবল৷ যিসকল ব্যক্তিয়ে আঞ্চলিকতাবাদী দলসমূহৰ নেতৃত্ব বহন কৰি আছে তেওঁলোকে বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰা উচিত৷ এতিয়াও যথেষ্ট সময় আছে৷ সকলোৱে ঐক্যবদ্ধভাৱে আগুৱাই যাওক৷ অসমৰ জাতীয় সমস্যাসমূহ সমাধানৰ স্বাৰ্থত আঞ্চলিকতাবাদী শক্তি ঐক্যবদ্ধ হোৱা খুবেই প্ৰয়োজন৷।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0