55
কাকপথাৰঃ তিনিচুকীয়া জিলাৰ ডিৰাক সীমান্তৰ মাধৱপুৰ তিনিআলিত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দহজনতকৈও অধিক লোক। ৫২ নং ৰাষ্ট্ৰীয় ঘাই পথত অৰুণাচলৰ পৰা অহা AS-23-D-4803 নম্বৰৰ চংকু নামৰ বাছখনে বিপৰীত দিশৰ পুত্ৰক লগত লৈ আহি থকা ৰিজুমনি বৰা নামৰ মহিলা গৰাকীক খুন্দা মাৰে।
দুৰ্ঘটনাৰ ফলত ৰিজুমনি বৰা নামৰ মহিলা গৰাকীৰ অৱস্থা সংকটজনক হৈ পৰে। ইফালে বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ নলাত সোমাই পৰাত ভালেকেইজন যাত্ৰী আঘাতপ্ৰাপ্ত হয়।