131
জয়সাগৰঃ আজি ৰাতিপুৱা ঐতিহাসিক ধোদৰ আলিয়েদি নাজিৰালৈ বুলি গৈ থকা এখন চিমেণ্ট ভৰ্ত্তি AS-01-GC-7343 নম্বৰৰ ট্ৰাক নামতি আৰু মেজেঙাৰ মাজৰ পথাৰৰ অংশত পথৰ পৰা বাগৰি কাষৰ পথাৰত পৰে।
ৰাইজে অভিযোগ কৰা মতে নামতি আৰু মেজেঙাৰ মাজৰ অংশত বসতিপূৰ্ণ অঞ্চল নোহোৱাৰ সুযোগ গ্ৰহণ কৰি ধোদৰ আলি নিৰ্মাণ কাৰী ঠিকাদাৰ জনে সম্পূৰ্ণ বিসংগতি মূলক ভাৱে পথছোৱা নিৰ্মাণ কৰে।