90
গুৱাহাটীঃ প্ৰৱঞ্চনাত নামিল বহু নামী-দামী প্ৰতিষ্ঠান। অনলাইনত বিভিন্ন সামগ্ৰী কম দামত বিক্ৰীৰ প্ৰলোভন দি একাংশ দেশীয় অথবা বহুজাতিক প্ৰতিষ্ঠানে প্ৰতাৰণাৰ জাল তৰাৰ তথ্য সম্প্ৰতি পোহৰলৈ আহিছে।
সমগ্ৰ ৰাজ্য জুৰি এই প্ৰৱঞ্চনাৰ জাল পেলাইছে এই প্ৰতিষ্ঠানসমূহে। লক্ষ্যণীয়ভাৱে এই প্ৰতিষ্ঠানসমূহে ডাকঘৰৰ জৰিয়তে ক্ৰেতালৈ সামগ্ৰী প্ৰেৰণ কৰে। কিন্তু ক্ৰেতাই কিনা সামগ্ৰীটোৰ পৰিৱৰ্তে তেনেই নিম্নমানৰ অথবা একেবাৰে অপ্ৰয়োজনীয় সামগ্ৰী লাভ কৰে।