86
গোৱালপাৰাঃ বাল্যবিবাহ আইনৰ ফালৰপৰা নিষিদ্ধ হ’লেও ৰাজ্যত এটাৰ পিছত এটাকৈ সংঘটিত হৈ আছে এনে নিন্দনীয় ঘটনা৷ আজি পুনৰাই বাল্যবিবাহৰ ঘটনাৰ কথা জানিবপৰা গৈছে৷ গোৱালপাৰাৰ ভালুকডুবিৰ উলুপাৰাত এই ঘটনা সংঘটিত হৈছে৷
ঘটনাৰ বিৱৰণি মতে বুধবাৰে নিশা জনজাতি সম্প্ৰদায়ৰ পিতৃ-মাতৃয়ে ১৬ বছৰীয়া কিশোৰীক ২২ বছৰীয়া দৰাৰ সৈতে বিয়া সম্পন্ন কৰে৷ শিশু সুৰক্ষা গোটে বাল্য বিবাহ সম্পন্ন হোৱাৰ খবৰ পাই শিশু সুৰক্ষা গোটে আৰক্ষীৰ সহযোগত বন্ধ কৰিবলৈ সক্ষম হয় এই বাল্য বিবাহ৷