Home অন্যান্য খবৰগোসাঁইগাঁৱত শিক্ষামন্ত্ৰী হিমন্তৰ প্ৰতিকৃতি দাহ আমছুৰ

গোসাঁইগাঁৱত শিক্ষামন্ত্ৰী হিমন্তৰ প্ৰতিকৃতি দাহ আমছুৰ

by News Desk
73 views
A+A-
Reset

গোসাঁইগাঁওঃ অসমৰ শিক্ষামন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই অলপতে মাদ্ৰাছা বিৰোধী মন্তব্য কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যজুৰি। মাদ্ৰাছা সঞ্চালকায়ক বিলুপ্ত কৰি মাধ্যমিক শিক্ষা সঞ্চালকায়ৰ লগত চামিল কৰাৰ বাবে যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ প্ৰতিবাদত আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কোকৰাঝাৰ জিলা সমিতিয়ে গোসাঁইগাঁও মহকুমাৰ পদ্মবিলত ৰাষ্ট্ৰীয় ঘাইপথত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

শতাধিক আমছু নেতাকৰ্মীয়ে প্ৰতিমূৰ্তি দাহ কৰি ‘হিমন্ত বিশ্ব শৰ্মা মুদাবাদ’, ‘হিমন্ত বিশ্ব শৰ্মা গ’ বেক’, ‘সংখ্যালঘুক লৈ ৰাজনীতি নচলিব’ আদি শ্লোগানেৰে ৰাজপথত পৰিবেশ উত্তাল কৰি তোলে। ইয়াৰ পাছতো যদি চৰকাৰে সিদ্ধান্ত সলনি নকৰে তেনেহ’লে ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে আমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি আনোৱাৰ হুছেইনে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0