ডিফুঃ সোমবাৰৰপৰা আৰম্ভ হ'ল ইছলাম ধৰ্মালম্বী সকলৰ পৱিত্ৰ মাহ ৰমজানৰ ৰৌজা সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰবি আংলঙতো ইছলাম ধৰ্মালম্বীসকলে পালন কৰিব ওলাইছে মাহে ৰমজানৰ ৰৌজা৷ 

ইয়াক লৈ জিলাখনৰ সদৰ চহৰ ডিফুত মুছলমান ৰাইজে ঐক্য-সম্প্ৰীতি, সমন্বয়ৰ বাহক আৰু চৰম ধৈৰ্য্য আৰু ইন্দ্ৰীয় সংযমৰ প্ৰতীক স্বৰূপ ৰমজানৰ ৩০ টাকৈ ফৰজ ৰৌজা ৰাখিবলৈ শুদ্ধচিত্তে নিয়ত কৰিছে৷ 

ডিফু আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাৰ মছজিদ, মোক্তাব আৰু পাঞ্জেগানা সমুহ নামাজৰ বাবে ন-ৰূপত সজাই পৰাই তোলা হৈছে৷ ইছলাম ধৰ্মালম্বীসকলৰ বাসস্থান সমূহ চাফ-চিকুণাই পাক-পৱিত্ৰ কৰি তোলা হৈছে৷ ইছলাম ধৰ্মালম্বী সকলে সোমবাৰৰ নিশা প্ৰথম তাৰাবীৰ নামাজ সম্পন্ন কৰি আজি প্ৰথমটো ৰৌজা কাৰ্যকৰী কৰে৷ 

মছজিদ আৰু মোক্তাব সমূহত তাৰাবীৰ নামাজ খতম তাৰাবীহ আৰু ছুৰাহ তাৰাবীত ভাগ কৰি অভিজ্ঞ মৌলানা আৰু হাফিজৰ দ্বাৰা আদায় কৰি থকা হৈছে৷ ইফালে ডিফু চহৰত ৰোজাৰ ইফতাৰৰ দোকান সমূহতো ৰৌজাদাৰে ভিৰ কৰাৰ লগতে বিভিন্ন ফল-মূলৰ দোকানতো ভিৰ পৰিলক্ষিত হৈছে৷