52
ডিফুঃ সোমবাৰৰপৰা আৰম্ভ হ’ল ইছলাম ধৰ্মালম্বী সকলৰ পৱিত্ৰ মাহ ৰমজানৰ ৰৌজা সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰবি আংলঙতো ইছলাম ধৰ্মালম্বীসকলে পালন কৰিব ওলাইছে মাহে ৰমজানৰ ৰৌজা৷
ইয়াক লৈ জিলাখনৰ সদৰ চহৰ ডিফুত মুছলমান ৰাইজে ঐক্য-সম্প্ৰীতি, সমন্বয়ৰ বাহক আৰু চৰম ধৈৰ্য্য আৰু ইন্দ্ৰীয় সংযমৰ প্ৰতীক স্বৰূপ ৰমজানৰ ৩০ টাকৈ ফৰজ ৰৌজা ৰাখিবলৈ শুদ্ধচিত্তে নিয়ত কৰিছে৷