88
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ এগৰাকী বিমান সেৱিকাক যৌন নিৰ্যাতনৰ চেষ্টা চলাই ভাৰতীয় ব্যৱসায়ী গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিমানৰ ভিতৰতে এই কাণ্ড সংঘটিত কৰে ৰাম কৃষ্ণন নামৰ কাপোৰৰ ব্যৱসায়ীগৰাকীয়ে৷
জানিব পৰা মতে, বুধবাৰে পুৱাই ৰাছিয়াৰ পৰা দিল্লীলৈ আহিছিল ৰাছিয়াৰ বিমান সেৱাৰ এখন বিমান৷ বিমান খনত আছিল ভাৰতীয় ব্যৱসায়ী ৰাম কৃষ্ণন৷ সেই সময়তে অশালীন ইংগিত দিয়াৰ লগতে অশ্লীল অংগী-ভংগী কৰি দেখুৱাই৷