বাংগালুৰুঃ আন্তৰ্জাতিক ক্ৰিকেটত প্ৰথমটো শতকীয় ইনিংছ। এই দিনটোৰ বাবেই কিমান যে পৰিশ্ৰম কৰা নাছিল ছৰফৰাজ খানে। ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে ৰান কৰি গৈছিল। তাৰপিছতো তেওঁৰ বাবে খোল খোৱা নাছিল টীম ইণ্ডিয়াৰ দুৱাৰ। এই বছৰৰ আৰম্ভণিতে আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক ঘটাইছিল ছৰফৰাজে। অৱশেষত অভিষেক ঘটোৱা বৰ্ষটোতে বিপদৰ ত্ৰাণকৰ্তা ৰূপত অৱতীৰ্ণ হৈ সংগ্ৰহ কৰিলে শতক। নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম ইনিংছত ৪৬ ৰানত অল আউট হৈ নিশ্চিত পৰাজয়ৰ দিশে গতি কৰাৰ পৰা দলক উদ্ধাৰ কৰে ছৰফৰাজৰ এই শতকীয় ইনিংছে। এই ইনিংছেৰে তেওঁ দলত স্থান নিগাজী কৰাই নহয়, প্ৰয়োজনৰ সময়ত দলক উদ্ধাৰ কৰিবলৈকো সমৰ্থ হৈছে।
শুকুৰবাৰে ছৰফৰাজ আৰু বিৰাট কোহলিয়ে মিলি ১৩৬ ৰানৰ যুটি গঢ়িছিল। এই যুটিয়ে ৰণত পৰা দলটোলৈ আশা ঘূৰাই আনিছিল যদিও তৃতীয় দিনৰ অন্তিমটো বলত বিৰাট আউট হোৱাৰ লগে লগে ছৰফৰাজৰ কান্ধত আহি পৰিছিল ইনিংছ সম্ভালি ৰখাৰ গুৰু দায়িত্ব। ছৰফৰাজে সেই দায়িত্ব পালন কৰিব পাৰিব নে নাই তাক লৈ সন্দিহান হৈ পৰিছিল ভাৰতীয় দৰ্শকসকল। কিন্তু আজি টিম ছাউথিৰ অভাৰৰ তৃতীয়টো বল বেকফুটলৈ আহি কভাৰলৈ ঠেলি দিয়েই ভাৰতীয় অনুৰাগীসকলৰ মনত আশা জগাই তোলে ছৰফৰাজে। বলটো বাউণ্ডেৰী পাৰ হ’ব বুলি নিশ্চিত হৈ হেলমেট খুলি দিছিল ছৰফৰাজে। তাৰপিছত স্ক’ৰবৰ্ডত অংকিত হৈছিল ছৰফৰাজৰ নামত আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটৰ প্ৰথমটো শতক।