ইছলামাবাদঃ অষ্ট্ৰেলিয়া-ভাৰতৰ বিতৰ্কৰ পিছতে এইবাৰ চুবুৰীয়া দেশ পাকিস্তানী ক্ৰিকেট দলৰ অধিনায়কে যুদ্ধং দেহী ভাষ্য প্ৰদান কৰিছে৷ বৰ্তমান পাকিস্তান দলৰ এদিনীয়া আৰু টি ২০ দলৰ অধিনায়ক আহমেদে জিও টিভিত এক সাক্ষাৎকাৰত কোৱা মতে ভাৰতীয় ক্ৰিকেট দলে পাকিস্তানৰ সন্মুখীন হ’বলৈ ভয় কৰে৷ পাকিস্তান দলৰ বৰ্তমানৰ উইকেট কিপাৰ ছৰফোৰজ আহমেদৰ এই মন্তব্যই খলকনি তুলিছে ছচিয়েল মিডিয়াত৷

পাকিস্তানৰ সন্মুখীন হ’বলৈ ভয় কৰে বাবেই ভাৰতীয় দলে পাকিস্তানৰ সৈতে   খেলাৰ পৰা বিৰত আছে আছে বুলি কয় ছৰফৰোজে৷ উল্লেখযোগ্য যে টি২০ বিশ্বকাপত ভাৰতে পাকিস্তানক পৰাজিত কৰিছিল৷ ভাৰত চৰকাৰে পাকিস্তান আৰু ভাৰতবৰ্ষৰ মাজত খেল অনুষ্ঠিত কৰিবলৈ পদক্ষেপ ল’ব লাগে বুলিও মন্তব্য কৰে ক্ৰিকেটাৰজনে৷