105
ডিজিটেল ডেস্কঃ দেশৰ সৰ্ববৃহৎ চৰকাৰী বেংক ভাৰতীয় ষ্টেট বেংকে পুনৰাই গ্ৰাহকৰ বাবে বেয়া খবৰ আনিছে। আগৰবাৰ ন্যুনতম বেলেঞ্চ নাৰাখিলে চাৰ্জ কটাৰ পিছত এইবাৰ এটিএম যোগে কৰা উইড্ৰৱেলতো চাৰ্জ লগাইছে বেংকটোৱে৷ তদুপৰি ফটা-ছিগা নোট সলাবলৈ গ’লেও চাৰ্জ ল’ব বেংকটোৱে৷
১ জুনৰপৰা সমগ্ৰ দেশতে কাৰ্যকৰী হ’বলগা এই নিয়মে গ্ৰাহকক হতভম্ভ কৰিছে৷ ইয়াৰ উপৰি বেচিক চেভিংছ বেংক একাউণ্টত টকা উলিওৱা, নতুন কাৰ্ড ইছ্যু কৰা আদি সাধাৰণ সুবিধাৰ বাবেও বেংকক দিব লাগিব চাৰ্জ৷