ডিজিটেল ডেস্কঃ দেশৰ সৰ্ববৃহৎ চৰকাৰী বেংক ভাৰতীয় ষ্টেট বেংকে পুনৰাই গ্ৰাহকৰ বাবে বেয়া খবৰ আনিছে। আগৰবাৰ ন্যুনতম বেলেঞ্চ নাৰাখিলে চাৰ্জ কটাৰ পিছত এইবাৰ এটিএম যোগে কৰা উইড্ৰৱেলতো চাৰ্জ লগাইছে বেংকটোৱে৷ তদুপৰি ফটা-ছিগা নোট সলাবলৈ গ’লেও চাৰ্জ ল’ব বেংকটোৱে৷ 

১ জুনৰপৰা সমগ্ৰ দেশতে কাৰ্যকৰী হ’বলগা এই নিয়মে গ্ৰাহকক হতভম্ভ কৰিছে৷ ইয়াৰ উপৰি বেচিক চেভিংছ বেংক একাউণ্টত টকা উলিওৱা, নতুন কাৰ্ড ইছ্যু কৰা আদি সাধাৰণ সুবিধাৰ বাবেও বেংকক দিব লাগিব চাৰ্জ৷ 

এছবিআইৰ কেশ্ব উইড্ৰৱেলৰ নতুন নিয়মসমূহঃ

♦ এটিএম বা অইন উপায়ে ৪ বাৰলৈ কেশ্ব উইড্ৰৱেলৰ পিছত উইড্ৰৱেল বিনামূলীয়া হৈ নাথাকে৷ 

♦ ৪ বাৰলৈ কেশ্ব উইড্ৰৱেলৰ পিছত প্ৰতিবাৰতে ২৫টকাকৈ চাৰ্ভিছ চাৰ্জ আৰু সেৱা কৰ দিব লাগিব৷ 

♦ ৪ বাৰলৈ এটিএমযোগে কেশ্ব উইড্ৰৱেলৰ পিছত প্ৰতিবাৰৰ এটিএম উইড্ৰৱেলত ১০ টকাকৈ ছাৰ্ভিছ চাৰ্জ আৰু সেৱা কৰ দিব লাগিব৷ 

♦ ৪ বাৰলৈ অইন বেংকৰ এটিএমযোগে কেশ্ব উইড্ৰৱেলৰ পিছৰ প্ৰতিবাৰৰ অইন বেংকৰ এটিএম উইড্ৰৱেলত ২০ টকাকৈ চাৰ্ভিছ চাৰ্জ আৰু সেৱা কৰ দিব লাগিব৷