নগাওঁঃ পঢ়াত মন নবহা হৈছে গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীৰ। কিয়নো শ্ৰেণীকোঠাত পাঠগ্ৰহণৰ বাবে বহিলেই ঘামি-জামি অৱস্থা নাইকিয়া হয় পঢ়াৰ প্ৰতি ধাউতি থকা শিক্ষাৰ্থীৰো। সম্প্ৰতি প্ৰচণ্ড গৰমত দহিছে সমগ্ৰ ৰাজ্য৷ বিগত বছৰৰ অভিলেখ ভংগ কৰি সৃষ্টি হোৱা তীব্ৰ গ্ৰীষ্ম প্ৰৱাহে সকলোকে কৰি তুলিছে ভাৰাক্ৰান্ত৷
প্ৰখৰ ৰ’দৰ তীব্ৰতা আৰু বৃষ্টিহীন শুকান পৰিৱেশে বিঘ্নিত কৰিছে জনতাৰ স্বাভাবিক জীৱন-যাত্ৰা ৷এজাক মুষলধাৰ বৰষুণৰ অপেক্ষাত থকা ৰাইজৰ মুখৰ মাত হৰাইছে নিৰৱচ্ছিন্নভাৱে দি থকা টিকা ফটা ৰ’দে ৷নাহেহে নাহে এজাক বৰষুণ নাইবা এছাতি শীতল বতাহ ৷