55
ওদালগুৰিঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অন্যতম শ্ল’গান ‘সবকা সাথ সবকা বিকাশ’ শীৰ্ষক সন্মিলনখন আজি ওদালগুৰি জিলা উপায়ুক্তৰ কাৰ্যলয়ৰ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হয়।
উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উত্তৰ প্ৰদেশৰ সাংসদ শিৱ প্ৰতাপ শুক্লা। অনুষ্ঠানত বিজেপিৰ ৩ বছৰীয়া সফলতাৰ আধাৰত নিৰ্মিত ভিডিঅ’ প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত মন্ত্ৰী ৰিহন দৈমাৰীয়েও অংশগ্ৰহণ কৰে।