71
কাজলগাঁওঃ সুকীয়া বড়োলেণ্ড ৰাজ্যৰ দাবীত আৰু বড়োলেণ্ডৰ বাহিৰত বসবাস কৰা বড়োসকলৰ ৰাজনৈতিক অধিকাৰ প্ৰদানৰ দাবীত আজি চিৰাং জিলাৰ সদৰ কাজলগাঁৱত এবছুয়ে তিনি ঘন্টীয়া গণ চিঞৰ কাৰ্যসূচী ৰূপায়ণ কৰে৷
চিৰাং জিলা এবছুৰ উদ্যোগত ৰূপায়ণ কৰা এই গণ চিঞৰ অৱস্থান কাৰ্যসূচীত কেবাশ নেতা-কৰ্মীৰ লগতে কেবাটাও সংগঠনৰ কৰ্মীয়েও এই কাৰ্যসূচীত অংশ লয়৷ চিৰাঙৰ বিজনী চহৰতো বিজনী আঞ্চলিক এবছুৰ উদ্যোগত পালন কৰে গণ চিঞৰ কাৰ্যসূচী৷