newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনেই সংঘটিত হয় ধৰ্ষণ-নিৰ্যাতনৰ ঘটনা৷ ৬ মহীয়া শিশুৰ পৰা ৬০ বছৰীয়া বৃদ্ধালৈ সকলো বিকৃত মানসিকতাৰ পুৰুষৰ হাতত নিৰ্যাতিত হৈ আহিছে৷ আৰু এনে পৰিস্থিতিয়ে যে কেৱল মহিলা সকলৰ বাবেই বিপদ কঢ়িয়াই আনিছে তেনে নহয়, ধৰ্ষণ-নিৰ্যাতনৰ ঘটনাই দেশৰ আৰ্থিক ৱ্যৱস্থাতো প্ৰভাৱ পেলাইছে৷
এই দাবী কৰিছে বিশ্বৰ বিখ্যাত মেককিন্স গ্লোবেল ইনষ্টিটিউটে৷ ইনষ্টিটিউটে প্ৰকাশ কৰা এক সমীক্ষাত কোৱা হয় যে ধৰ্ষণে দেশৰ আৰ্থিক উন্নয়নত বাধা জন্মাইছে৷