গোৰেশ্বৰঃ অসমৰ শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক মন্ত্ৰী পদৰ পৰা অপসাৰণৰ দাবী তুলিছে ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যনৰ গোৰেশ্বৰ আঞ্চলিক সমিতিয়ে। অলপতে সদনত শিক্ষামন্ত্ৰী গৰাকীয়ে ছেবাৰ গোপনীয়তা ভংগ কৰি প্ৰকাশ কৰিছিল যে প্ৰকৃততে মেট্ৰিক পৰীক্ষাত ২০-২২ শতাংশ ছাত্ৰ-ছাত্ৰীহে উত্তীৰ্ণ হয়, বাকীবোৰক গ্ৰেচ নম্বৰ দি উৰ্ত্তীণ কৰি দিয়া হয়। এই মন্তব্যৰ পিছতে আজি নিজৰ প্ৰতিক্ৰিয়া এক পথ সভাৰ জৰিয়তে প্ৰকাশ কৰে ফেডাৰেশ্যনৰ গোৰেশ্বৰ আঞ্চলিক সমিতিয়ে।
বাগসা জিলাৰ গোৰেশ্বৰ ৰেল গেটত আজি সন্ধিয়া ৬ বজাত আয়োজিত এখন পথ সভা সম্বোধন কৰি ফেডাৰেশ্যনৰ গোৰেশ্বৰ আঞ্চলিক সমিতিৰ সভাপতি বিৰাজ ডেকাই কয় যে ছেবাক কটু মন্তব্য কৰাৰ যোগেৰে অসমৰ ছাত্ৰ সমাজক বিপথে পৰিচালিত কৰিব বিচাৰিছে শিক্ষামন্ত্ৰীয়ে। এনে মন্তব্যৰ জৰিয়তে অভিভাৱকক চিবিএছইৰ প্ৰতি আকৰ্ষিত কৰা আৰু ৰাজহুৱা খণ্ডৰ শিক্ষাব্যৱস্থা ধ্বংস কৰাৰ এক ৰাজনৈতিক চক্ৰান্ত চলাইছে বুলি অভিযোগ উত্থাপন কৰে ছাত্ৰনেতাজনে।