ডিজিটেল ডেস্কঃ বিতৰ্কই লগ নেৰা হৈছে ভাৰতীয় ক্ৰিকেট দলটোক৷ প্ৰশিক্ষক নিযুক্তিৰ নাটক শেষ হোৱাৰ পিছতেই এইবাৰ বলিং প্ৰশিক্ষক নিযুক্তিক লৈ আৰম্ভ হৈছে মনোমালিন্য।

শচীন তেণ্ডুলকাৰ,সৌৰভ গাংগুলী আৰু ভি ভি এছ লক্ষ্মণ পৰামৰ্শদাঁতা হিচাপে থকা প্ৰশিক্ষক নিযুক্তিৰ কমিটিয়ে বলিং প্ৰশিক্ষক হিচাবে নিযুক্তি দিছিল জাহিৰ খানক৷ কিন্তু এই নিযুক্তিক লৈ মুঠেই সন্তুষ্ট নহয় মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী৷

ভাৰত অৰুণক বলিং প্ৰশিক্ষক হিচাপে নিযুক্ত দিয়াৰ দাবীও জনালে শাস্ত্ৰীয়ে৷ বিষয়টো সন্দৰ্ভত বিচিচিআইক পত্ৰ প্ৰেৰণ কৰিছে শচীন,সৌৰভ আৰু লক্ষ্মণৰ পৰামৰ্শদাঁতা কমিটিয়ে৷ তেওঁলোকে কয় যে শাস্ত্ৰীৰ  কথামতেই জাহিৰ খানক নিযুক্ত কৰা হৈছিল৷ কিন্তু এতিয়া নিজেই কথা সলনি কৰিছে শাস্ত্ৰীয়ে৷

আনহাতে ভাৰতীয় দলৰ বিদেশ ভ্ৰমণৰ সময়ৰ বাবে দ্য ৱাল হিচাবে জনাজাত ৰাহুল দ্ৰাবিড়ক বেটিং প্ৰশিক্ষক হিচাবে নিযুক্তি দিয়া হৈছিল৷ এতিয়া সেই কথাক লৈও মুঠেই সুখী নহয় ৰবি শাস্ত্ৰী৷