newsnextone.com |সোণাৰি@ চৰাইদেউ জিলাৰ সোণাৰিৰ ছেন্ট যোছেফচ ডনবস্ক’ স্কুলত যোৱা ৯ আগষ্ট তাৰিখে এক অঘটন ঘটিছিল । প্ৰসাৱগাৰৰ পকী দেৱাল খহি ছাত্ৰৰ গাত পৰিছিল । ৰঙ্গৰঞ্জন মহন আৰু প্ৰিয়াঞ্চু পল নামৰ ছাত্ৰ দুজনৰ গাত দেৱাল খহি পৰাত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হৈছিল।
ৰঙ্গৰঞ্জন মহন চতুৰ্থ শ্ৰেণীৰ আৰু প্ৰিয়াঞ্চু পল দ্বিতীয় শ্ৰেণীত ছাত্ৰ । অভিভাৱকৰ অভিযোগ যে পকী দেৱালখন বহু পূৰণি হোৱাৰ বাবে এনে ঘটনা সংঘটিত হৈছিল । সম্পূৰ্ণ স্কুল কৰ্তৃপক্ষৰ গাফিলতিৰ অভিযোগ উত্থাপন কৰে অভিভাৱকে ।