newsnextone.com | ডিফুঃ মই কান্দিছোঁ। চপৰা চপৰে খহি পৰে মোৰ দেহৰ মঙহ খিনি। জহি খহি যাব খোজে মোৰ মৰমৰ ঘৰ খনি। হেৰাই যাব খোজে পঠাৰ খন। এয়া হৈছে এটা গানৰ কথা। যিটো গানেৰে অসমীয়াৰ আবেগ মাজুলীৰ বাস্তৱ ছবিখন দাঙি ধৰিব খোজা হৈছে। কাৰ্বি পাহাৰৰ কন্যাৰ গানটোৱে বিশেষ ভাৱে চৰ্চালৈ আহিছে।

মাজুলীত বসবাস কৰা লোকসকলৰ কলা-কৃষ্টি, সংস্কৃতি, পৰম্পৰা, সভ্যতা, লোক নৃত্য, গীত, খাদ্য, সাজ-পোছাক তথা ঐতিহ্য আদি সংকটাপন্ন হোৱা বুলি চৰ্চা হৈ আহিছে। ইমানে নহয় প্ৰতিবছৰে বানপানী, খহনীয়াৰ কবলত পৰি হাহাকাৰ কৰিব লগা হয় মাজুলীবাসীয়ে। মাজুলীৰ সংকটাপন্ন মানুহৰ ঘৰ-দুৱাৰ, কৃষিভূমি, জীৱন-সম্পত্তি, কৃষ্টি, সংস্কৃতি, পৰম্পৰা, সভ্যতা, সংস্কৃতি, লোক নৃত্য, গীত, খাদ্য, সাজ-পোছাক, প্ৰত্যাহ্বান, সংকট আদি গীতৰ মাধ্যমেৰে সমাজত দাঙি ধৰাৰ প্ৰয়াস কৰিছে এগৰাকী যুৱতীয়ে।

অসমৰ বুকু ফালি বৰলুইতৰে ভটিয়ায়। বাৰিষা নদীয়ে বুকু ওফন্দায়। পানী উপৰছনিয়া হৈ দুপাৰলে বান হৈ ঢপলিয়াব খুজিলে মথাউৰি দি পানী ভেটিব লাগে। মথাউৰিয়ে বানৰ বেমাৰ ভাল কৰে। পিছে কেতিয়াবা কেতিয়াবা মথাউৰি ভাঙি ভয়ংকৰ বিপদ নামি আহে মাজুলীলৈ।

বানে মানুহ-গৰু মাৰে, ঘৰ ভাঙে, খেতি নিঃশেষ কৰে। বৰনদীয়ে বুকু ওফন্দাবৰ সময়ত আৰু বানৰ পাছতে পানী কমাৰ সময়ত দুয়োপাৰ খহে। খহনীয়াত মাটি যায় নদীত, অঘৰী হয় বহুজন। কিছুমানে তাকে লৈ ৰাজনীতি কৰে। নিনাদিত মাজুলীয়ে কৰে আৰ্তনাদ। মাজুলী খহে, মাজুলী উটে। লাহে লাহে মাজুলী নোহোৱা হোৱাৰ উপক্ৰম হ’ব ধৰিছে। 

তেনেবোৰ কথাই ডিফুৰ জীয়ৰী হিয়া নিতুমণি মেধী আৰু মাজুলীৰ তনয় ৰাজেন নাথে গীত যোগে কব খুঁজিছে। মাজুলীৰ ছবিখন দাঙি ধৰাৰ চেষ্টা কৰিছে গানৰ মাধ্যমেৰে। ৰাজেন নাথে ৰচনা কৰা প্ৰতিবাদী সংগীতত কণ্ঠদান কৰিছে ডিফুৰ জীয়ৰী হিয়া নিতুমণি মেধীয়ে ৷ যোৱা ২২ জুলাইত যোৰহাট প্ৰেছ ক্লাৱত মুকলি কৰা "মই মাজুলী" নামৰ ভিডিঅ' এলবামটোত 'মই মাজুলী' গীতটোত একক ভাবে কণ্ঠদান কৰে হিয়া নিতুমণি মেধিয়ে ৷ 

ভিডিঅ' এলবামটোত সন্দৰ্ভত সোমবাৰে ডিফু কলা কেন্দ্ৰত এক সভা অনুষ্ঠিত হয়৷ কথা শিল্পী ৰাজেন নাথে আঁত ধৰা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কলা কেন্দ্ৰৰ সম্পাদক দিলীপ দাস, বিশিষ্ট লেখিকা গীতা বৰা, ডিফু ক্লাৱৰ সাংস্কৃতিক সম্পাদক নেত্ৰ বৰগোহাঁই আৰু শিক্ষক কৈলাশ তালুকদাৰ ৷ 'মই মাজুলি' প্ৰতিবাদী গীতৰ জৰিয়তে বিশ্ব বিখ্যাত নদী দ্বীপ মাজুলীত এম্বুলেন্স সেৱাৰ অভাৱৰ বাবে ৰোগীৰ মৃত্যু হোৱা, বাট-পথৰ শোচনীয় অৱস্থা আৰু নানা জলন্ত সমস্যা হিয়া নিতুমণি মেধীয়ে গীতৰ মাধ্যমেৰে কব খোজে।

গীতটোৰ দ্বাৰা কব খোজা কথাখিনি অসমৰ ৰাইজে বুলি পাব বুলি কয় বিশিষ্ট অতিথি আৰু শুভাকাংক্ষীসকলে। আনহাতে কণ্ঠশিল্পী হিয়া নিতুমণি মেধীক শুভেচ্ছা জ্ঞাপন কৰে ৷ আৰ এন প্ৰডাকছনৰ "মই মাজুলি" ভিডিঅ' এলবামৰ কথা- ৰাজেন নাথ, সুৰ-ৰাজেন নাথ-হিয়া নিতুমনি, কণ্ঠ হিয়া নিতুমণি মেধি, ভিডিঅ' পৰিচালক অভিজিত হাজৰিকা, কাহিনী-ৰাজেন নাথৰ ৷ হিয়া নিতুমণি মেধি ডিফু আৰক্ষী ছাউনীৰ নিবাসী শুক্লেশ্বৰ মেধি আৰু জেউতি মেধি কন্যা আৰু তেও ডিফু কলা কেন্দ্ৰত শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত ৷ আনহাতে ৰাজেন নাথে "স্মৃতিৰ পাতনিত ডিফু" বুলি এক উপন্যাস লিখি আছে বুলি জানিব পৰা গৈছে ৷