গুৱাহাটীঃ অসমত শনিবাৰে দুপৰীয়া ১ বজা পৰ্যন্ত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ২৫ জন। ইয়াৰে ২৪জনৰেই আছে ভাৰতৰ কৰ’নাৰ 'ছুপাৰস্প্ৰেডাৰ’ নিজামুদ্দিনৰ তবলীগ জামাতৰ সৈতে সম্পৰ্ক। শুকুৰবাৰৰ পুৱাৰ পৰা নিশালৈকে মুঠ ৭জন লোকৰ দেহত কৰ’নাৰ পজিটিভ ধৰা পৰাৰ পিছত শনিবাৰে দিনৰ ভাগত লখিমপুৰৰ আন এজন লোকৰ টেষ্ট পজিটিভ ওলায়।

নিজামুদ্দিনৰ তবলীগ জামাতৰ পৰা অহা লোকসকলক বাদ দি নিজামুদ্দিনৰ সৈতে কোনো সম্পৰ্ক নথকা যিজন ব্যক্তি কৰ’নাত আক্ৰান্ত হৈছে তেওঁ হৈছে গুৱাহাটীৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী। এই ব্যক্তিজনে দিল্লীৰ নিজামুদ্দিনলৈ নগ’লেও ব্যৱসায়িক কামত দিল্লীলৈকেই গৈছিল আৰু তাতেই কৰ’নাৰ দ্বাৰা সংক্ৰমিত হোৱাৰ অনুমান কৰা হৈছে।

ইফালে কৰ’না পজিটিভ ধৰা পৰাৰ পিছতে লোকজনে নিজৰ হোৱাটছএপ ষ্টেটাছত এই খবৰ জনাই তেওঁৰ বন্ধুমহল তথা আত্মীয় স্বজন সকলোকে সাৱধান কৰি দিয়ে। ইংৰাজীতে দিয়া হোৱাটছএপ ষ্টেটাছত তেওঁ লিখিছে, 'আই হেভ টেষ্টেড পজিটিভ ফৰ ক’ভিড-১৯। পিপ’ল হু হেভ কাম ইন মাই কণ্টেক্ট ইন দ্য লাষ্ট টু উইকছ প্লিজ কোৱাৰেণ্টাইন ইউৰছেল্ফ।’ (মোৰ ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে। যিসকল লোকে যোৱা দুসপ্তাহত মোৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোকক কোৱাৰেণ্টাইন হ’বলৈ অনুৰোধ জনালো।)

উল্লেখ্য যে, মনীষ তিবৰেৱাল নামৰ এইগৰাকী ব্যৱসায়ী বাস কৰে মহানগৰীৰ জুৰোড অঞ্চলত থকা বিলাসী অট্টালিকা স্পেনিছ গাৰ্ডেনত। লকডাউনৰ সময়ছোৱাত ঘৰতে আৱদ্ধ হৈ আছিল যদিও তাৰ পূৰ্বে তেওঁ বহু লোকৰ সস্পৰ্শলৈ অহা বুলি ধাৰণ কৰা হৈছে। ইতিমধ্যে পৰিয়ালৰ লোকসকলকো কোৱাৰেণ্টাইন কৰা হৈছে। আনহাতে ডিব্ৰুগড়ৰ কেইজনমান লোকে টেষ্টৰ বাবে স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰা বুলি জানিব পৰা গৈছে।

দিল্লীৰ পৰা কেতিয়া উভতিছিল তিবৰেৱাল?

মহানগৰীৰ জুৰোড অঞ্চলৰ স্পেনিছ গাৰ্ডেন নামৰ যিটো অট্টালিকাত ব্যৱসায়ীগৰাকী বাস কৰে সেইটো অট্টালিকাত আছে অতিকমেও ১৫০ টা ফ্লেট। ইয়াৰে ১৪৫টা ফ্লেটতেই মানুহে বাস কৰি আহিছে বুলি সদৰী কৰিছে প্ৰশাসনে। এই বিলাসী অট্টালিকাটোৰ 'ডি’ ব্লকত বাস কৰে ব্যৱসায়ীগৰাকীয়ে। 

জানিব পৰা মতে, যোৱা ১ মাৰ্চত দিল্লীৰ পৰা গুৱাহাটীলৈ উভতিছিল ব্যৱসায়ীগৰাকী। এজমাৰ সমস্যা থকা তিবৰেৱালৰ শৰীৰত কৰ’নাৰ কোনো লক্ষণে দেখা নিদিয়াত ১ মাৰ্চৰ পৰা লকডাউনৰ সময়লৈকে তেওঁ স্বাভাৱিকভাৱেই বহুতৰ সৈতে মিলা-মিছা কৰিছিল। বিশেষকৈ হোলীৰ সময়ত তেওঁ বহু লোকৰ সস্পৰ্শলৈ আহিছিল বুলি সন্দেহ কৰা হৈছে। আনহাতে তেওঁৰ ঘৰত কামকৰা লোক, চালক আদিৰ জৰিয়তে মহানগৰীৰ আৰু বিভিন্ন অঞ্চলৰ লোক ইয়াৰ দ্বাৰা আক্ৰান্ত হোৱাৰো আশংকা ঘনীভূত হৈ পৰিছে।

হোলীৰ সময়ত তেওঁ বহু লোকৰ সস্পৰ্শলৈ অহাৰ কথা মনলৈ অহাৰ পিছতে এতিয়া শংকিত হৈ পৰিছে অট্টালিকাটোত বাস কৰা ৫ শতাধিক লোক। খবৰটো পোৱাৰে পিছত এতিয়া স্পেনিছ গাৰ্ডেনৰ বাসিন্দাসকলৰ মুখত দেখা গৈছে উদ্বিগ্নতাৰ চাপ। ইফালে এটা সূত্ৰই সদৰী কৰিছে যে তিৱৰেৱাল দিল্লীলৈ যোৱাৰ সময়ত নহয়, অট্টালিকাটোত থকা আন এজন লোকৰ পৰাহে কৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈছে। 

১৮ এপ্ৰিললৈ সম্পূৰ্ণৰূপে ছীল স্পেনিছ গাৰ্ডেন

স্পেনিছ গাৰ্ডেনৰ বাসিন্দা ব্যৱসায়ী মনীষ তিবৰেৱালৰ দেহত কৰ’না পজিটিভ ধৰা পৰাৰ পিছতে ইতিমধ্যে বিলাসী অট্টালিকাটো ১৪ দিনৰ বাবে সম্পূৰ্ণৰূপে ছীল কৰি দিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। এই সময়ছোৱাত অট্টালিকাটোৰ ভিতৰৰ পৰা কোনো লোক বাহিৰলৈ আৰু বাহিৰৰ কোনো লোক ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰিব। ১৮ এপ্ৰিললৈকে ছীল হৈ থকাৰ সময়ত ইয়াত বাস কৰা লোকসকলক অত্যাৱশাকীয় সামগ্ৰীসমূহ যোগান ধৰাৰ বাবে প্ৰশাসনৰ ফালৰ পৰা ব্যৱস্থা কৰা হ’ব বুলি জানিব পৰা গৈছে।