ডিজিটেল ডেস্কঃ হাস্যৰসেৰে সংপৃক্ত অথচ প্ৰৱল অনুপ্ৰেৰণাদায়ক বক্তৃতাৰে দেশে-বিদেশে দৰ্শকৰ মন জয় কৰা বলিউডৰ কিং খান খ্যাত শ্বাহৰুখ খানক এইবাৰ আমন্ত্ৰণ কৰিছে বিশ্বৰ আগশাৰীৰ বিশ্ববিদ্যালয় অক্সফৰ্ডে৷ 

অভিনেতাজনক বক্তৃতা প্ৰদানৰ বাবে আমন্ত্ৰণ জনাইছে বিশ্ববিদ্যালয়খনে৷ শেহতীয়াকৈ এখন টেবলয়ডৰ সাংবাদিকৰ সৈতে হোৱা সাক্ষাতকাৰত এই কথা প্ৰকাশ কৰিছে অভিনেতাগৰাকীয়ে৷ 

চলিত বৰ্ষৰ এপ্ৰিল মাহত টেড টকত নিজৰ সন্মোহনী বক্তৃতাৰে সমগ্ৰ বিশ্বৰ দৰ্শকৰ মন জয় কৰিছিল কিং খানে৷ টেড টকৰ এই আমন্ত্ৰণক অভিনেতাজনৰ বাবে এক সন্মান বুলি কয় খাানে। 

ইয়াৰ পুৰ্বে ২০১২ ত য়েলে বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ লাভ কৰিছিল অভিনেতাজনে৷ বৰ্তমান আগষ্ট মাহত মুক্তি পাবলগীয়া ছবি’ জব হেৰী মিট ছেজল’ৰ প্ৰমোশ্যনত ব্যস্ত হৈ আছে কিং খান৷ 

উল্লেখ্য যে মুক্তিৰ পুৰ্বে 'ইন্টাৰকোৰ্চ’ শব্দটোৰ বাবে বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে চলচিত্ৰখনে৷ চিবিএফচিয়ে এই শব্দটো আঁতৰালেহে চলচিত্ৰখন মুক্তি দিয়াৰ অনুমতি লাভ কৰিব বুলি উল্লেখ কৰিছিল৷ 

অৱেশ্যে যদিহে এক লাখ ভোট লাভ কৰে তেন্তে উক্ত শব্দৰ সৈতে চলচিত্ৰখনে মুক্তি লাভ কৰিব বুলি প্ৰকাশ কৰিছিল চিবিএফচিৰ অধ্যক্ষ পেহলাজ নিহলানীয়ে৷ 

পৰৱৰ্তী সময়ত উক্ত শব্দটোৰ হৈ ১ লাখতকৈও অধিক ভোট মিৰৰ নাও নামৰ চেনেলটোৰ জৰিয়তে লাভ কৰে 'জব হেৰী মিট ছেজলে’।