ডিজিটেল ডেস্কঃ এইবাৰ উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰিল কেন্দ্ৰীয় চৰকাৰ৷ সোমবাৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ মদন বি লোকুৰ আৰু দীপক গুপ্তাই কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকলাপৰ বিৰোধিতা কৰি কয়, ‘‘বাৰে বাৰে কোৱাৰ পাছতো কিছুমান অপ্ৰয়োজনীয় আৰু তুচ্চ বিষয় লৈ আদালতৰ সময় নষ্ট কৰাৰ স্পৃহা কেন্দ্ৰীয় চৰকাৰৰ কম হোৱা নাই৷ চৰকাৰৰ এনে দায়বদ্ধতাহীন মনোভাৱৰ বাবে আদালতত বহু প্ৰয়োজনীয় গোচৰ অমিমাংসিত হৈ পৰি ৰৈছে৷ বিচাৰ ব্যৱস্থাক চৰকাৰখনে পুতলা খেল বুলিহে ভাবি লৈছে৷’’ সৰু সৰু গোচৰ কিছুমানেৰে আদালতৰ বহুমূলীয়া সময় নষ্ট নকৰিবলৈ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিয়ে৷
