ডিজিটেল ডেস্কঃ অৱশেষত দেশৰ শীৰ্ষ আদালতে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে ধৰ্ষণৰ বলি হৈ অন্তঃসত্বা হোৱা ১০ বছৰীয়া নাবালিকাগৰাকীলৈ। চণ্ডীগড়ৰ এখন জিলা আদালতে ২৬ সপ্তাহৰ অন্তঃসত্বা নাবালিকাগৰাকীৰ গৰ্ভপাতৰ আবেদন খাৰিজ কৰাৰ পিছতে চিন্তিত হৈ পৰিছিল চিকিৎসকসকল।
বিশেষজ্ঞ চিকিৎসকসকলে জনোৱা মতে গৰ্ভপাত নকৰিলে নাবালিকাগৰাকীৰ লগতে গৰ্ভস্থ সন্তানটোৰে প্ৰাণৰ শংকা আছে। সোমবাৰে এই অসহায় নাবালিকাগৰাকীৰ জীৱনৰ চূড়ান্ত যন্ত্ৰণা উপলব্ধি কৰে দেশৰ সৰ্বোচ্চ আদালতে। শীৰ্ষ আদালতে চণ্ডীগড়ৰ জিলা আদালতৰ ৰায় খাৰিজ কৰি স্পষ্ট কৰি দিয়ে যে চিকিৎসকৰ প্ৰতিবেদন পৰীক্ষা কৰি গৰ্ভপাতৰ অনুমতি দিব পাৰি নে নোৱাৰি সেয়া শীঘ্ৰে বিচাৰ কৰি চাব।