তামুলপুৰঃ হাগ্ৰামাৰ বি টি চিক ঘৰিয়াল আখ্যা দিয়ে সাংসদ নৱ কুমাৰ শৰণীয়াই৷ তামুলপুৰত সাংসদ নৱ কুমাৰ শৰণীয়াৰ নিৰ্বাচনী ৰণশিঙা৷ নিৰ্বাচনী কাৰ্যলয় মুকলি কৰি সাংসদ গৰাকীয়ে নিজৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি ৰাইজক তেওঁৰ নিৰ্বাচনী প্ৰতীক টৰ্চ লাইটৰ ছবিত ভোট দিবলৈ মুকলি আহ্বান জনায়৷
নৱ কুমাৰ শৰণীয়াই কোকৰাঝাৰ লোকসভা সমষ্টিত কোনো প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দীতাত নাহে বুলি দাবী কৰে৷ লগতে কয় যে তেওঁ দ্বিতীয়বাৰৰ বাবে এগৰাকী সাধাৰণ সেনা জোৱানৰ সন্তান হৈ ৰাইজৰ সেৱা কৰি যাবলৈ নিৰ্বাচনত অবতীৰ্ন হৈছে৷