ওদালগুৰিঃ বৃহস্পতিবাৰে সমগ্ৰ দেশৰ লগতে অসমৰ পাঁচটা লোকসভা সমষ্টিতো অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন। সেই অনুসৰি বিগত মঙলবাৰে সামৰণি পৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন অহি পৰাৰ লগে লগে ইতিমধ্যে দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত ভোটদান কৰিবলৈ সাজু হৈ পৰিছে ৮ নং মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত ওদালগুৰি জিলাৰ ভোটাৰসকল।
ফলত ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰো ব্যাপকৰূপে চলাইছে প্ৰতিটো ৰাজনৈতিক দল তথা নিৰ্দলীয় প্ৰাৰ্থীসকলে। উল্লেখ্য যে, ৮ নং মঙলদৈ লোকসভা সমষ্টিত এইবাৰো সৰ্বমুঠ ভোটাৰৰ সংখ্যা হৈছেগৈ ১৭,৭৮,৮৪৭ গৰাকী। ইফালে, সমষ্টিটোত বিজেপি, কংগ্ৰেছ, ইউপিপিএলকে ধৰি ১১ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। ফলত এইবাৰ সমষ্টিটোৰ নিৰ্বাচনী যুঁজখন আকৰ্ষনীয় হৈ পৰাৰ সম্ভাৱনা দেখা গৈছে।