87
অভিজিৎ তালুকদাৰ, তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ডিমলাপাৰ-ভকতপাৰা শ্ৰীশ্ৰী গোপাল আৰু বাঘেশ্বৰী থান সত্ৰত বাৰ্ষিক হোম যজ্ঞ মহোৎসৱ শুকুৰবাৰৰেপৰা আৰম্ভ হৈছে।
আজি দ্বিতীয় দিনাও তামুলপুৰ মহকুমাৰ উপৰিও ৰঙিয়া, নলবাৰী, গুৱাহাটী, তেজপুৰ আদিকে ধৰি অসমৰ ভিন্ন প্ৰান্তৰপৰা অহা ভক্তপ্ৰাণ ৰাইজৰ উপৰিও ভিন্ন ৰাজ্যৰপৰা অহা হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে এই ৫৭০ তম ইতিহাস প্ৰসিদ্ধ শ্ৰীশ্ৰী গোপাল আৰু বাঘেশ্বৰী থান সত্ৰৰ চৌহদত।