গুৱাহাটীঃ মহানগৰীৰ গাতে লাগি আছে ব্ৰহ্মপুত্ৰ। বছৰ বছৰ ধৰি গুৱাহাটীৰ ৰাস্তা খান্দি পাইপ বহোৱা হৈছে। অথচ মহানগৰবাসীৰ বাবে নাই পৰ্যাপ্ত খাৱা পানী। হাজাৰ হাজাৰ লোকে প্ৰতিদিনে পানী কিনি খাই থাকিবলগীয়া হৈছে।

এই সমস্যাৰ স্থায়ী সমাধানৰ দাবীত ভাৰতৰ কমিউনিষ্ট পাৰ্টী (মাক্সবাদী)-এ সোমবাৰে এক বিক্ষোভ প্ৰদৰ্শন কৰে। পানবজাৰস্থিতি ডনবস্ক’ৰ সন্মুখৰপৰা গ্ৰহণ কৰা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰায় তিনি শতাধিক সদস্যই। 

বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰি চি পি আই (এম)ৰ গুৱাহাটী আঞ্চলিক সমিতি সম্পাদক কাশ্যপ চৌধুৰীয়ে কয় ৪০৭২ কোটি টকাৰে ব্যয় কৰি ২০০৯ চনতে গুৱাহাটী পানী যোগান আঁচনি কাম আৰম্ভ কৰা হৈছিল। 

আঁচনি কাম আৰম্ভ কৰিয়েই সেই সময়ত কংগ্ৰেছ চৰকাৰে ঘোষণা কৰিছিল ৩৬ মাহত ইয়াক সম্পূৰ্ণ কৰাৰ। কিন্তু অতি দুৰ্ভাগ্যজনক যে ৩৬ মাহত শেষ হ’বলগীয়া কাম আজি পৰ্যন্ত শেষ নহ’ল। ফলত গুৱাহাটী মহানগৰীত দুই তৃতীয়াংশ বাসিন্দাই আজি পানীৰ সমস্যাত পৰা দেখিবলৈ পোৱা গৈছে।

সেয়ে তেওঁলোকৰ দাবী, গুৱাহাটী পানী যোগান আঁচনিৰ কাম অতি সোনকালে সমাপ্ত কৰিব লাগে। ৩৬ মাহতে সম্পূৰ্ণ হ’বলগীয়া কাম কিয় আজি পৰ্যন্ত শেষ হোৱা নাই তাৰো চি বি আইৰ তদন্তৰ দাবী জনায় দলটোৱে। ইয়াৰ উপৰিও তেওঁ কয় প্ৰতি মাহত মহানগৰবাসীক বিনামূলীয়াকৈ ২০ হাজাৰ লিটাৰ পানী যোগান ধৰিব লাগে।

এই বিক্ষোভ সমাৱেশত তেওঁলোকৰ দাবী বস্তি অঞ্চলসমূহক তালিকাভূক্ত কৰি উক্ত অঞ্চলসমূহৰ উন্নয়নৰ বাবে এটা নিৰ্দিষ্ট বিভাগক দায়িত্ব দিব লাগে। লগতে বস্তি অঞ্চলসমূহত বসবাস কৰা জনসাধাৰণ বাবে উপযুক্ত বাসস্থানৰ ব্যৱস্থা কৰাৰো দাবী জনোৱা হয়। ২০১৩ চনৰ এক সমীক্ষা মতে মহানগৰীত মুঠ ১৬৩ টা বস্তি আছে।

প্ৰতিবাদৰ অন্তত তেওঁলোকৰ দাবী সমাধানৰ বাবে জিলা উপায়ুক্তলৈ এক স্মাৰক-পত্ৰ প্ৰেৰণ কৰা হয়।