newsnextone.com | ডিজিটেল ডেস্কঃ ১৮ জুলাইৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষকালীন অধিবেশনৰ ষষ্ঠটো দিন দুয়ো সদন উত্তপ্ত হৈ পৰাৰ আশংকা কৰা হৈছে ৷ অন্ধ্ৰপ্ৰদেশৰ সাংসদসকলে বিশেষ ৰাজ্যৰ দাবীত পুনৰ সংসদ উত্তপ্ত কৰাৰ লগতে গো ৰক্ষাৰ নামত হত্যাৰ বিৰুদ্ধে কংগ্ৰেছ, তৃণমূল কংগ্ৰেছকে ধৰি বিভিন্ন দলে সংসদ উত্তপ্ত কৰিব পাৰে।
আনহাতে, টিডিপিৰ সাংসদসকলে সংসদ ভৱনৰ চৌহদৰ মহত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত বৃহস্পতিবাৰেও প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি অন্ধ্ৰক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদানৰ দাবী জনায়। টিডিপিয়ে উত্থাপন কৰা অবিশ্বাস প্ৰস্তাৱ সন্দৰ্ভত চৰ্চা আৰু ভোটদান অনুষ্ঠিত হৈ যোৱাৰ পিছতোঁ টিডিপিয়ে সংসদত প্ৰতিবাদ সাব্যস্ত কৰি যোৱাৰ দৰেই বৃহস্বাপতিৰেও পুৱাৰে পৰাও আৰম্ভ হোৱা সদন পুনৰ উত্তপ্ত কৰি তোলে। অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্য ঘোষণা কৰাৰ লগতে অন্ধ্ৰপ্ৰেদশ ৰাজ্যৰ পুনৰ গঠন কৰাৰ দাবী জনাই পুনৰাই প্ৰতিবাদ সাব্যস্ত কৰে অন্ধ্ৰপ্ৰদেশৰ সাংসদসকলে৷ টিডিপি দলৰ সাংসদসকলে সংসদ ভৱনৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত হাতত প্লেকাৰ্ড লৈ থিয় দি প্ৰতিবাদ সাব্যস্ত কৰে৷ সাংসদ সকলে বিভিন্ন শ্ল’গান দিয়াও পৰিলক্ষিত হয়৷