গুৱাহাটীঃ সমস্যাৰে যুঁজ দি থকা ৰাজ্য অসমৰ মুখ্যমন্ত্ৰীসকলে কেন্দ্ৰীয় পুঁজি আৱন্টনৰ বাবে দিল্লীলৈ তাঁতবাটি কাঢ়িব লগা হয়৷ সমস্যা বহুল ৰাজ্য খনৰ বান, গৰাখহনীয়া, দৰিদ্ৰ, শ্ৰমিকৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰক প্ৰয়োজন হয় কোটি কোটি টকাৰ৷
কিন্তু কেন্দ্ৰীয় চৰকাৰে অসমৰ চৰকাৰক সহজে পুঁজি আৱন্টন দিয়ে নে৷ এই কথাৰ উত্তৰ সহজেই পোৱা যায়৷ কেন্দ্ৰীয় চৰকাৰে সহজে টকা আৱন্টন নিদিয়ে অসমক৷ দেশৰ আন ৰাজ্যত বান হ’লে নিশাই কেন্দ্ৰীয় চৰকাৰে ৭০০-১০০০ কোটিৰ পেকেজ ঘোষণা কৰে৷ কিন্তু অসমৰ মানুহ বানত ককবকাই থাকিলেও খবৰ নলয় কেন্দ্ৰই৷