101
newsnextone.com। তেজপুৰঃ দুৰ্গা পূজাৰ শাৰদীয় বতৰত এখন নাটক কৰাৰ মাদকতাই সুকীয়া। সেই মাদকতা অক্ষুন্ন ৰাখি তেজপুৰৰ গাঁও সমূহত চলিছে নাটকৰ প্ৰস্তুতি।
তেজপুৰৰ ডিপোটাৰ ১০৫ বছৰীয়া দুৰ্গা পূজা সমিতিয়ে লক্ষ্মীপূজাৰ দিনা মঞ্চস্থ কৰিব লগীয়া বিশিষ্ট নাট্যকাৰ অৰ্পন বেজবৰুৱাৰ নাটক ‘ঢোকা চপনিয়াৰ বিলৈ’ নামৰ শুভ মহুৰত অনুষ্ঠান মঙ্গলবাৰে ডিপোটা কেন্দ্ৰীয় নাট্য মন্দিৰত বহু গণ্য মান্য ব্যক্তি আৰু নাট্যকৰ্মী সকলৰ উপস্থিতিত সমাপন কৰে।