তেজপুৰঃ শোণিতপুৰ জিলাত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া লোক সভা নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে তেজপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ইলেক্ট্ৰনিক ভোটিং মেচিন(ই.ভি.এম) আৰু পোন প্ৰথমবাৰৰ বাবে নিৰ্বাচনত ব্যৱহাৰ কৰিবলৈ লোৱা ভি ভি পেট মেচিন ব্যৱহাৰ তথা ইয়াৰ কাৰ্য প্ৰণালীৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে সাংবাদিক আৰু ৰাজনৈতিক দলৰ তথা নিৰ্বাচনৰ প্ৰাৰ্থীৰ প্ৰতিনিধিসকলৰ বাবে এখন সভা অনুষ্ঠিত কৰা হয়৷
জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত নৰসিঙ পৱাৰে উদ্বোধন কৰা এই সভাখনত নিৰ্বাচনী বিষয়া ণ্ডভ্ৰম আদিত্য বৰাই অংশগ্ৰহণ কৰি উপস্থিত সকলোকে ভোট গ্ৰহণৰ সমষ্ট প্ৰক্ৰিয়া আৰু কাৰ্যপ্ৰণালীৰ বিষয়ে বিৱৰণ দাঙি ধৰাৰ লগতে এজন ভোটদাতাই দিয়া ভোটটো সঠিক প্ৰাৰ্থীগৰাকীয়েই লাভ কৰিছে নে নাই সেইটো ভি ভি পেট মেচিনৰ ‘ডিছপ্লে’ত ৭ চেকেণ্ডৰ বাবে কাগজ এটুকুৰাত প্ৰাৰ্থীগৰাকীৰ নাম আৰু চিহ্নসহ প্ৰদৰ্শন কৰা হ’ব বুলি জনায়৷
ই ভি এম আৰু ভি ভি পেট মেচিনৰ কাৰ্যপ্ৰণালীৰ বিষয়ে ৰাইজৰ মাজত সজাগতা বৃদ্ধিত বিশেষ ভূমিকা পালন কৰিবলৈ সংবাদকৰ্মীসকলক জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত নৰসিং পাৱাৰে আহবান জনায়।