কলকাতাঃ পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন ২০১৬ ৰ পুৰ্বে নাৰদ নিউজ নামৰ সংবাদ মাধ্যমটোৱে চলোৱা ষ্টিং অপাৰেশ্যনৰ যোগেদি ৰাজ্যখনৰ শাসকীয় দল তৃণমূল কংগ্ৰেছৰ কেবাজনো নামী-দামী নেতাই উৎকোচ লোৱাৰ দৃশ্য সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত সমগ্ৰ ৰাজ্যখনতে চাঞ্চল্যৰ সৃষ্টি হৈছিল। এই অপাৰেশ্যনক তৃণমূল কংগ্ৰেছৰ প্ৰতি এক ষড়যন্ত্ৰ আখ্যা দিছিল মমতা বেনাৰ্জীয়ে।
কিন্তু কলকাতা উচ্চ ন্যায়ালয়ে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি কেন্দ্ৰীয় অনুসন্ধান আয়োগক অনুসন্ধানৰ বাবে দায়িত্ব দিছে। কলকাতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিশিতা মহাতাৰে আৰু ন্যায়াধীশ টি চক্ৰৱৰ্তীয়ে ৭২ ঘণ্টাৰ ভিতৰত প্ৰাৰম্ভিক অনুসন্ধান সম্পন্ন কৰাৰ বাবে নিৰ্দেশ দিছে চিবিআইক।