শুক্লাইঃ বিদ্যুৎ বিভাগক অন্তিম সকীয়নি প্ৰদান কৰিলে এখন গাঁৱৰ ৰাইজে৷ ঘৰ-বৰ ভূমি বিনষ্ট হোৱাৰ আশংকাত ৰাজ্য চৰকাৰক শেষ সকীয়নি প্ৰদান কৰিলে ৰাইজে৷ ওদালগুৰি জিলাৰ পশ্চিম প্ৰান্তৰ গাঁৱৰ ৰাইজে বিদ্যুত বিভাগৰ বিৰুদ্ধে জীৱন দিবলৈ সাজু হৈছে। বিদ্যুত বিভাগৰ বিৰুদ্ধে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত নাওঁবান্ধা গাঁওবাসীয়ে।
কিয়নো এটা পূজিপতি গোষ্ঠীৰ স্বাৰ্থত ৰাজ্যৰ বিদ্যুত বিভাগে গাঁওখনৰ বাসিন্দা সকলৰ বাসগৃহৰ ওপৰেৰে উচ্চ ক্ষমতা সম্পন্ন বিদ্যুত পৰিবাহী তাঁৰ টানি নিবলৈ সংযোগ কৰিব বিচাৰিছে। ইয়াৰ দ্বাৰা গাঁওবাসীৰ জীৱনলৈ ভাবুকি অহাৰ আশংকা কৰি শংকিত হৈ পৰিছে৷ ইতিমধ্যে গাঁওখনত এঘাৰ হাজাৰ ভল্টৰ বিদ্যুত পৰিবাহী তাঁৰ সংযোজিত হৈ আছে।