ডিজিটেল ডেস্কঃ হঠাৎ হাহাকাৰ লাগিল সমগ্ৰ বিশ্বৰ ফেচবুকিয়ানসকলৰ মাজত। ভাৰতীয় সময় অনুযায়ী মঙলবাৰে বিয়লিৰ ভাগত বহু সময় ধৰি বন্ধ হৈ পৰে জনপ্ৰিয় ছ’চিয়েল নেটৱৰ্কিং ছাইটটোৰ মেছেজিং এপ। ডাউন ডিটেক্টৰৰ মতে ৱেবছাইটোত দেখা দিয়া অনলাইন ছাৰ্ভিচৰ বিজুতিৰ বাবেই এনে হ’বলৈ পাইছে।

এই একেটা সমস্যাই দেখা দিছিল যোৱা ৩০ নৱেম্বৰত। ইউজাৰসকলে এই সন্দৰ্ভত ৰিপ’ৰ্ট কৰাত ফেচবুকে তেনে সমস্যাৰ বাবে দুখ প্ৰকাশ কৰি সেয়া সমাধান কৰা হৈছে বুলি জনাইছিল।

অনুৰূপ সমস্যাই পুনৰ দেখা দিয়াত উদ্বিগ্ন হৈ পৰে ইউজাৰসকল। কিয়নো বহু সময় ধৰি স্ক্ৰীণত জিলিকি আছিল 'Chat is currently unavailable'। আনকি পুৰণি মেছেজবোৰো চাব পৰা হোৱা নাছিল সেই সময়ছোৱাত।

উদ্বিগ্ন ইউজাৰসকলে লগে লগে টুইটাৰৰ জৰিয়তে বিষয়টো সন্দৰ্ভত ফেচবুক কৰ্তৃপক্ষৰ পৰা জানিব বিচাৰে। এই পৰ্যন্ত ফেচবুকে মঙলবাৰৰ এই সমস্যা সন্দৰ্ভত বাতৰি যুগুত কৰালৈকে কোনোধৰণৰ মন্তব্য ৰাজহুৱা কৰা নাই।

অৱশ্যে প্ৰায় ১-২ ঘণ্টাৰ অন্তত মেছেঞ্জাৰ পুনৰ স্বাভাৱিক হৈ পৰাত স্বস্তিৰ নিশ্বাস পেলাইছে সমগ্ৰ বিশ্বৰে ফেচবুকিয়ানসকলে।

উল্লেখ্য  যে কিছুদিন পূৰ্বে জনপ্ৰিয় মেছেজিং এপ হোৱাটছএপতো এনে সমস্যাই দেখা দিছিল। ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ছ'চিয়েল মিডিয়াৰ একছত্ৰী সম্ৰাট ফেচবুকে ছাৰ্ভাৰৰ নিয়মমাফিক পৰীক্ষা-নিৰীক্ষা কৰাৰ ফলতে এনে হ'বলৈ পাইছে বুলি দাবী কৰিছে একাংশ  বিশেষজ্ঞই।