newsnextone.com | ডিজিটেল ডেস্কঃ আপুনি সৰু থাকোঁতে বিদ্যালয়ৰ প্ৰতিটো শ্ৰেণীকোঠাত গুৰুগম্ভীৰ খোজেৰে শিক্ষক সোমায়েই পাঠদান কৰাৰ আগতে ৰোল নম্বৰৰ বহিখন মেলি যেতিয়া আপোনাৰ ৰোল নম্বৰটো মাতি ‘ৰোল নম্বৰ অমুক’ বুলি চিঞৰিছিল, তেতিয়া আপুনি কি বুলি উত্তৰ দিছিল? হয়তো সকলো ছাত্ৰ-ছাত্ৰীৰ দৰে আপুনিও ‘উপস্থিত’ বা অলপ ডাঙৰ হোৱাৰ পিছত ‘প্ৰেজেন্ট ছাৰ’ নতুবা ‘য়েছ ছাৰ’ বুলি চিঞৰি উঠিছিল৷
আপোনাৰ উপস্থিতি বিদ্যালয়ত আছেনে নাই সেয়া জানিবলৈকে প্ৰতিটো শ্ৰেণীতে এনে কাৰ্য সম্পাদন হৈছিল৷ আনহাতে শিক্ষকে ৰোল নম্বৰটো চিঞৰি মতাৰ লগে লগে আপোনাৰ উপস্থিতি জনাবলৈ ‘উপস্থিত ছাৰ’, ‘প্ৰেজেন্ট ছাৰ’ অথৱা ‘য়েছ ছাৰ’ আদি শব্দবোৰ ব্যৱহাৰ কৰিবলৈ আপোনাক শিকোৱা হৈছিল৷ আৰু আপুনি হয়তো সেই শব্দকেইটাৰ অৰ্থ নজনাকৈয়ে ভাটৌৰ দৰে বাৰে বাৰে আওৰাই গৈছিল৷